অসমীয়া ছবিৰ ইতিহাস

সেয়া আছিল ১৯৩৫ চনৰ ১০ মাৰ্চ। সেইদিনাই মুক্তি লাভ কৰিছিল প্ৰথমখন অসমীয়া ছবি 'জয়মতী'। জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা 'জয়মতী'ৰে আৰম্ভ হোৱা অসমীয়া ছবিৰ যাত্ৰাই ইতিমধ্যে ৮৫টা বৰ্ষ অতিক্ৰম কৰিলে। ক'লা-বগাৰ যুগৰ পৰা ৰঙীন যুগলৈ, 'জয়মতী'ৰ পৰা একেবাৰে শেহতীয়াকৈ মুক্তি পোৱা 'তুমি আৰু মই' (১৩ মাৰ্চ, ২০২০) ছবিখনলৈ। সুদীৰ্ঘ ৮৫টা বৰ্ষত নিৰ্মাণ হ'ল ৪৫০ খনৰো অধিক অসমীয়া ছবি। গড় হিচাপত বছৰি প্ৰায় ৫ খনকৈ ছবি নিৰ্মাণ হ'লেও এই ছবি সমূহৰ মাজৰে ভালেসংখ্যক ছবিয়ে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে। ১৯৫৫ চনৰ ২ ডিচেম্বৰত মুক্তি লাভ কৰা ফণী শৰ্মা পৰিচালিত 'পিয়লি ফুকন' ছবিখনে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত 'চাৰ্টিফিকেট অৱ মেৰিট' লাভ কৰিছিল। ইয়াৰ পিছতে ১৯৫৭ চনৰ ১০ মে'ত মুক্তি পোৱা নিপ বৰুৱা পৰিচালিত 'মাক আৰু মৰম' নামৰ ছবিখনেও ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ 'চাৰ্টিফিকেট অব মেৰিট' লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে। ১৯৫৮ চনৰ ৪ এপ্ৰিলত মুক্তি পোৱা নিপ বৰুৱাৰ 'ৰঙা পুলিচ' নামৰ ছবিখনে প্ৰথমখন অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবি হিচাপে ৰাষ্ট্ৰীয় বঁটাৰ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰে।


সেইদৰে ১৯৫৯ চনৰ ১৮ ছেপ্টেম্বৰত মুক্তি পোৱা 'পূবেৰুণ' ছবিখনে শ্ৰেষ্ঠ অসমীয়া ছবিৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰাৰ লগতে কোনো এক আন্তজাৰ্তিক চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত প্ৰথমখন অসমীয়া ছবি হিচাপে গৌৰৱ অৰ্জন কৰে। ছবিখন প্ৰদৰ্শিত হৈছিল বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত। ইয়াৰ পৰৱৰ্তী সময়তো ভালেসংখ্যক অসমীয়া ছবিয়ে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ অলেখ সন্মান কঢ়িয়াই অনাৰ উপৰি বহু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হোৱাৰ লগতে পুৰস্কৃত হ'বলৈও সক্ষম হয়। কিন্তু প্ৰথমটো শীৰ্ষতম পুৰস্কাৰ ৰাজ্যখনলৈ কঢ়িয়াই আনে জাহ্নু বৰুৱা পৰিচালিত 'হালধীয়া চৰায়ে বাওঁধান খায়' নামৰ ছবিখনে। ১৯৮৭ চনৰ ২১ আগষ্টত মুক্তি পোৱা এই ছবিখনে দেশৰ ভিতৰতে শ্ৰেষ্ঠ ছবি হিচাপে বিবেচিত হৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ স্বৰ্ণকমল লাভ কৰে আৰু পোন প্ৰথমবাৰৰ বাবে এই ছবিখনৰ জৰিয়তে অসমলৈ আহে শ্ৰেষ্ঠ ছবিৰ সন্মান। ভাৰতীয় পেন'ৰামাতো প্ৰদৰ্শিত হৈছিল এই ছবিখন। এই ছবিখনত অভিনয় কৰিয়েই প্ৰয়াত অভিনেতা ইন্দ্ৰ বণিয়াই লোকাৰ্ণো চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ লাভ কৰিছিল আৰু ছবিখনেও দ্বিতীয় শ্ৰেষ্ঠ ছবিৰ পুৰস্কাৰ লাভ কৰিছিল। এনে এক শীৰ্ষতম বঁটা অসমলৈ অহাৰ পূৰ্বে অৱশ্যে আন কেইবাখনো ছবিয়ে অসমলৈ কঢ়িয়াই আনিছিল ভালেকেইটা শীৰ্ষস্থানীয় বঁটা। ১৯৭৫ চনৰ ১০ অক্টোবৰত মুক্তিলাভ কৰা আব্দুল মজিদ পৰিচালিত 'চামেলি মেমচাহাব' ছবিখনে শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ লগতে এই ছবিখনৰ জৰিয়তেই ড০ ভূপেন হাজৰিকাই ৰাজ্যখনলৈ কঢ়িয়াই আনিছিল শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। সেইদৰে ১৯৮৫ চনৰ ২৭ ডিচেম্বৰত মুক্তি লাভ কৰা ড০ ভৱেন্দ্ৰ নাথ শইকীয়াৰ 'অগ্নিস্নান' ছবিখনে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ৰাজ্যখনলৈ কঢ়িয়াই আনিছিল। ১৯৮৯ চনত জাহ্নু বৰুৱাৰ 'বনানী' ছবিখনে শ্ৰেষ্ঠ পৰিৱেশমূলক ছবি হিচাপে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। অসমলৈ প্ৰথমবাৰৰ বাবে দেশৰ ভিতৰতে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আহে ১৯৯১ চনৰ ২০ ডিচেম্বৰত মুক্তি লাভ কৰা জাহ্নু বৰুৱাৰ 'ফিৰিঙতি' শীৰ্ষক ছবিখনৰ জৰিয়তে। এই ছবিখনত ৰিতু নামৰ চৰিত্ৰটোত অভিনয় কৰি অভিনেত্ৰী মলয়া গোস্বামীয়ে লাভ কৰিছিল দেশৰ ভিতৰতে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। 'ফিৰিঙতি' ছবিখনে দ্বিতীয় শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও লাভ কৰে।


১৯৯৩চনৰ ৩ ছেপ্টেম্বৰত মুক্তি পোৱা সঞ্জীৱ হাজৰিকা পৰিচালিত 'হলধৰ' ছবিখনৰ জৰিয়তে অসমলৈ আহে পৰিচালকৰ প্ৰথম ছবিৰ শিতানত শ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। ইন্দিৰা গান্ধী স্বৰ্ণকমল সন্মান লাভ কৰে ছবিখনৰ পৰিচালক সঞ্জীৱ হাজৰিকাই। পৰৱৰ্তী সময়ত ১৯৯৫চনৰ ১৩ অক্টোবৰত মুক্তি পোৱা 'সাগৰলৈ বহু দূৰ' ছবিখনৰ জৰিয়তে শ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে জাহ্নু বৰুৱাই। ইফালে ১৯৯৬ চনৰ ১৩ ডিচেম্বৰত মুক্তি পোৱা বিদ্যুৎ চক্ৰৱৰ্তী পৰিচালিত 'ৰাগ-বিৰাগ' ছবিখনৰ জৰিয়তে অসমলৈ দ্বিতীয়বাৰৰ বাবে আহে পৰিচালকৰ প্ৰথম ছবিৰ শিতানত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান। এই ছবিখনৰ জৰিয়তে পৰিচালক বিদ্যুৎ চক্ৰৱৰ্তীয়ে লাভ কৰে 'ইন্দিৰা গান্ধী স্বৰ্ণকমল' সন্মান।


১৯৯৭ চনৰ ১৯ ডিচেম্বৰত মুক্তি পোৱা ডাঃ সান্ত্বনা বৰদলৈ পৰিচালিত 'অদাহ্য' ছবিখনে ভালেসংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা কঢ়িয়াই আনে অসমলৈ। শ্ৰেষ্ঠ অসমীয়া ছবি হিচাপে পুৰস্কৃত হোৱাৰ লগতে ছবিখনৰ চিনেমাটোগ্ৰাফাৰ প্ৰয়াত মৃণালকান্তি দাসে শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফাৰ বঁটা, অভিনেত্ৰী ভাগিৰথীয়ে জুৰিৰ বিশেষ বঁটা লাভ কৰে। তদুপৰি এই ছবিখনে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আন বহুকেইটা সন্মান লাভ কৰিবলৈ সক্ষম হয়। ২০০৩ চনৰ ১৪ নবেম্বৰত মুক্তি পোৱা মঞ্জু বৰা পৰিচালিত 'আকাশীতৰাৰ কথাৰে' ছবিখনে শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ লগতে এই ছবিখনৰ জৰিয়তে প্ৰথমবাৰৰ বাবে অসমলৈ শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা কঢ়িয়াই আনে তৰালি শৰ্মাই। ২০০৪ চনৰ ৯ জানুৱাৰীত সঞ্জীৱ সভাপণ্ডিত পৰিচালিত 'জুয়ে পোৰা সোণ' ছবিখনে শ্ৰেষ্ঠ পৰিৱেশ সংৰক্ষণমূলক শিতানত দেশৰ ভিতৰতে শ্ৰেষ্ঠ হৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। ২০০৯ চনৰ ২২ মে'ত মুক্তি পোৱা মঞ্জু বৰা পৰিচালিত 'আই ক'ত নাই' ছবিখনে ৰাষ্ট্ৰীয় একতাৰ শিতানত শ্ৰেষ্ঠ হৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ নাৰ্গিছ দত্ত বঁটা লাভ কৰে। কেৱল এয়াই নহয়, অসমৰ আন ভালেসংখ্যক ছবিয়ে শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল লাভ কৰাৰ লগতে আন বহু শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ১৯৬৯ চনত মুক্তি পোৱা 'ড০ বেজবৰুৱা' ছবিখনে যিদৰে অসমীয়া ছবিজগতলৈ এক নতুন ধাৰা আনিছিল ঠিক সেইদৰে এক ভয়াৱহ পৰ্যায়লৈ যোৱা অসমীয়া ছবি উদ্যোগলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছিল ১৯৯৮চনত মুক্তি পোৱা 'যৌৱনে আমনি কৰে' ছবিখনে। অস্কাৰৰ নমিনেচনৰ বাবে ভাৰতৰ পৰা অফিছিয়েল এন্ট্ৰী হিচাপেও প্ৰেৰণ কৰা হৈছিল ৰীমা দাসৰ 'ভিলেজ ৰকষ্টাৰ' নামৰ অসমীয়া ছবিখন। দেশ-বিদেশত ইতিমধ্যেই উজলিছে বহু অসমীয়া ছবি। অসমীয়া ছবিলৈ দুৰ্যোগো আহিছে আৰু সেই দুৰ্যোগৰ পৰা সময়ে সময়ে মুক্ত হ'বলৈ সক্ষম হৈছে। উত্থান-পতনৰ মাজেৰেই ৮৫টা বৰ্ষ অতিক্ৰম কৰিলে অসমীয়া ছবিজগতে। আহি থকা দিনবোৰত অসমীয়া ছবিয়ে অধিক সফলতা লাভ কৰক। এই সপোন ছবিজগতৰ সৈতে জড়িত হৈ থকা প্ৰতিগৰাকী শিল্পী কলা-কুশলীৰ।

প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টচৰ দুখনকৈ চিনেমা

প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টচৰ বেনাৰত ইতিমধ্য়ে নিৰ্মাণ হৈ ছবিঘৰত মুক্তিলাভ কৰা ছবিখন আছিল 'ৰামধেনু'। ২০১১চনৰ ৪ ফেব্ৰুৱাৰীৰ দিনা ছবিঘৰত মুক্তিলাভ কৰিছিল 'ৰামধেনু'। মুনিন বৰুৱাৰ দ্বাৰা পৰিচালিত এই ছবিখনে ব্যৱসায়িকভাৱে যথেষ্ট সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। অসমীয়া ছবিজগতৰ ভালেসংখ্যক জনপ্ৰিয় অভিনেতা অভিনেত্ৰীৰ সমাগম হৈছিল 'ৰামধেনু'ত। তপন দাস, যতীন বৰা, প্ৰস্তুতি পৰাশৰ, বিদ্যুৎ চক্ৰৱৰ্তী, জয়ন্ত দাস, উৎপল দাস, নিশিতা গোস্বামী, বিষ্ণু খাৰঘৰীয়া, পাকিজা বেগম আদিৰ উপৰি আন বহু শিল্পীয়ে অভিনয় কৰিছিল ছবিখনত। ছবিখনৰ সংগীত পৰিচালনা আছিল যতীন শৰ্মাৰ। মুম্বাইৰ জনপ্ৰিয় নেপথ্য কণ্ঠশিল্পী শ্ৰেয়া ঘোষাল, সুনিধি চৌহানৰ উপৰি জুবিন গাৰ্গ, দীক্ষু, জুবলি, অংগৰাগ মহন্ত, আদিয়ে ছবিখনৰ সুমধুৰ গীতকেইটাত কণ্ঠদান কৰিছিল। অসমৰ উপৰি কেৰালাৰ মনোৰম লোকেচনত চিত্ৰগ্ৰহণ কৰা হৈছিল ছবিখনৰ।


ৰামধেনুৰ পিছতেই প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টচ প্ৰাইভেট লিমিটেডৰ বেনাৰত নিৰ্মাণ হৈছে আন এখন অসমীয়া পূৰ্ণদৈঘ্যৰ ছবি। এই দ্বিতীয়খন ছবিৰ নাম হৈছে 'পৰিচয়'। ৰিণিকি ভূঞা শৰ্মাই প্ৰযোজনা কৰা 'পৰিচয়'ৰ চিত্ৰনাট্য লিখিছে জিণ্টু ভট্টাচাৰ্যই। ছবিখন পৰিচালনা কৰিছে ৰাজীৱ বৰঠাকুৰে। অভিনয়ত আছে উৎপল দাস,জুপিতৰা ভূঞা, অমিত বৰা, পাপৰি কলিতা, নিকুমণি বৰুৱা, অপৰ্ণা দত্ত চৌধুৰী, ভাস্কৰ বৰা, বাবলি বৰা, আদিৰ উপৰি আন বহু শিল্পী। 'পৰিচয়'ৰ সংগীত পৰিচালনা সৌৰভ জ্যোতি মহন্তৰ। ছবিখনৰ চিত্ৰগ্ৰহণ কৰিছে প্ৰণৱ বৰাই। সম্পাদনা কৰিছে যুগল দাসে। ছবিখনৰ চিত্ৰগ্ৰহণ কৰা হৈছে মাজুলীৰ মনোৰম লোকেচনত।

Other Ventures